![]()
নিউজ ডেস্কঃ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত।কোভিড দ্ৰুত সংক্ৰমণৰ বাবে এই সিদ্ধান্ত কর্তৃপক্ষ।
বৃহস্পতিবাৰে এক জাননী যোগে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ঘোষণা কৰিছে এই কথা।
স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় ষান্মাষিকৰ পৰীক্ষাৰ অনুষ্ঠিত হোৱা কথা আছিল।
২১, ২২ আৰু ২৪ জানুৱাৰীত হব লগা পৰীক্ষাসমূহ স্থগিত ৰাখিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
জাননীত উল্লেখ্ থকা অনুসৰি ২৭ জানুৱাৰী পৰা অনুষ্ঠিত হব লগা পৰীক্ষা পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হব।গুৰুত্বপূৰ্ণ কৰ্তৃপক্ষই কেৱল অফলাইন মাধ্যমেৰে এই পৰীক্ষা অনুষ্ঠিত কৰা ব্যৱস্থা কৰা বাবে স্থগিত ৰাখিব লগা হয়।
আনহাতে, স্থগিত পৰীক্ষাৰ দিন শীঘ্ৰেই ঘোষণা কৰিব কৰ্তৃপক্ষই এই কথা জাননীত স্পষ্টকৈ উল্লেখ্ আছে।













