![]()
নিউজ ডেস্কঃ
নাবালিকাক যৌন নিৰ্যাতন চলোৱা অভিযোগত অভিযুক্ত পদ্মশ্ৰী উদ্ধৱ ভঁৰালী অগ্ৰিম জামিন নাকচ।গুৱাহাটী উচ্চ ন্যায়ালয়ে আবেদন নাকচ কৰিছে ভঁৰালী।পূৰ্বে অন্তৱৰ্তী জামিনত আছিল বিজ্ঞানী, উদ্ভাৱক ভঁৰালী।
বৃহস্পতিবাৰে ভঁৰালী অগ্ৰিম জামিন নাকচ কৰে আদালতে।
উল্লেখ্য যে চি জি এম আদালতৰ নিৰ্দেশত যোৱা ১৭ডিচেম্বৰত ৰুজু হৈছিল গোচৰ।২৮ডিচেম্বৰত লাভ কৰিছিল অন্তৱৰ্তী জামিন।
ভাৰতীয় দণ্ডবিধি POCSO আইন অধীনত গোচৰ ভঁৰালী বিৰুদ্ধে ৰুজু হৈছিল।
নৰ্থ লখিমপুৰ থানা ১৩৩২/২১ গোচৰ নম্বৰ ৩৫৪১/৩৭৬(i)/৩৭৬(j)/৩৭৬(k) ধাৰাত গোচৰ ৰুজু হৈছিল।
উল্লেখ্য যে শিশু কল্যান সমিতি পৰা এগৰাকী নাবালিকাক তুলি লৈছিল ভঁৰালীয়ে।













