![]()
নিউজ ডেস্কঃ
পুনৰ চাৰে তিনি লাখৰ দুৱাৰদলিত উপনীত হ’ল দেশৰ দৈনিক কোভিড সংক্রমণ। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ৩ লক্ষ ৪৭ হাজাৰ ২৫৪ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৮৫ লক্ষ ৬৬ হাজাৰ ২৭ জন।
আক্রান্তৰ লগতে বিগত ২৪ ঘণ্টাত দেশত বৃদ্ধি পাইছে দৈনিক মৃত্যু আৰু দৈনিক সংক্রমণৰ হাৰ। শুক্রবাৰৰ পৰিসংখ্যা অনুসাৰে, সংক্রমণৰ হাৰ ১৭.৯৪ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৭০৩ জনৰ। ইয়াৰে ৭০৩ জন কেৱল কেৰালাৰ। কৰোনা ভাইৰাছত দেশত মুঠ মৃত্যু হৈছে ৪ লক্ষ ৮৮ হাজাৰ ৩৯৬ জনৰ।













