![]()
নিউজ ডেস্কঃ
২৩ অক্টোবৰত মেলবোর্নত পাকিস্তানৰ বিৰুদ্ধে মেচেৰে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ভাৰতে। ২০২২ চনৰ টি-২০ বিশ্বকাপৰ সূচী ঘোষণা কৰিছে আইচিচিয়ে। ২২ অক্টোবৰত ছিডনিত মূল পৰ্যায়ৰ প্ৰথম মেচ অনুষ্ঠিত হ’ব যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ মাজত। ছেমিফাইনেল অনুষ্ঠিত হ’ব ছিডনি আৰু এডিলেইডত ক্ৰমে ৯ আৰু ১০ নৱেম্বৰত। ১৩ নৱেম্বৰত মেলবোৰ্নত অনুষ্ঠিত হ’ব ফাইনেল।
ছুপাৰ ১২ৰ গ্রুপ ২-ত আছে ভাৰত, পাকিস্তান, বাংলাদেশ, দক্ষিণ আফ্রিকা আৰু যোগ্যতা অর্জন পৰ্যায়ৰ পৰা অহা দুটি দল। গ্রুপ ১-ত আছে অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, ইংলেণ্ড, আফগানিস্তান আৰু যোগ্যতা অর্জন পৰ্যায়ৰ পৰা অহা আন দুটি দল।
গ্রুপ পৰ্যায়ত ভাৰতে খেলিব ২৩ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে মেলবোর্নত, ২৭ অক্টোবৰত যোগ্যতা অর্জনকাৰী দলৰ সৈতে ছিডনিত, ৩০ অক্টোবৰত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে পার্থত, ২ নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এডিলেইডত আৰু ৬ নৱেম্বৰত যোগ্যতা অর্জনকাৰী দলৰ বিৰুদ্ধে মেলবোর্নত।













