![]()
নিউজ ডেস্কঃ
দিল্লীৰ ইণ্ডিয়া গে’ট চৌহদত এইবাৰ প্ৰতিষ্ঠা হ’ব সুভাষ বসুৰ মূর্তি। এই কথা আজি টুইট কৰি জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। যিমান দিনলৈকে মূর্তি নিৰ্মাণ নহয় তেতিয়ালৈকে তাত থাকিব নেতাজীৰ হলোগ্রাম মূর্তি।
এই মূর্তি ওখ হ’ব ২৮ ফুট আৰু বহল ৬ ফুট। এসময়ত য’ত ইংলেণ্ডৰ ৰজা পঞ্চম জর্জৰ মূর্তি আছিল, তাতেই পূর্ণাবয়ব মূর্তি হ’ব নেতাজীৰ। পঞ্চম জর্জৰ মূর্তিটো ১৯৬৮ চনত উঠাই দিয়া হয়।
অহা ২৩ জানুৱাৰীত হলোগ্রাম মূর্তিৰ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে। উল্লেখ্য, কেন্দ্রৰ তৰফৰ পৰা সদ্যহতে জনোৱা হৈছে, এইবাৰৰ পৰা গণতন্ত্র দিৱসৰ উদযাপন আৰম্ভ হ’ব ২৩ জানুৱাৰীৰ পৰাই। ইয়াৰ পূৰ্বে নেতাজীৰ জন্মদিনক ‘পৰাক্রম দিবস’ হিচাবে ঘোষণা কৰিছিল কেন্দ্রই।













