![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ কাৰ্ডিঅ’লজী বিভাগত ৫.৩৯ কোটি টকা ব্যয়েৰে কেথ লেবৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বৰাক উপত্যকাৰ হৃদৰোগীসকলক যথেষ্ট উপকৃত কৰিব লগতে এই লেবত এঞ্জিঅ’প্লাষ্টিৰ দৰে সুবিধা উপলব্ধ হ’ব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁ কয় যে, “আজিৰে পৰা এছ এম চি হাস্পতালত নিউৰোছাৰ্জাৰি, কাৰ্ডিওলজিসহ অতি জৰুৰী সেৱাসমূহ সকলোৰে বাবে উপলব্ধ হ’ব ৷ কেথলেব স্থাপনৰ পিছতে বিভাগটোত নিয়মীয়াভাৱে এজন নিউৰো ছাৰ্জনো থাকিব৷ এইদিনা শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকসকলৰ বাবে ৫০ বেডেড এটা হোষ্টেলও মুকলি কৰে মুখ্যমন্ত্ৰী ড: শৰ্মাই।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মূখ্যমন্ত্ৰীয়ে কয় যে, “এছ এম চি এইচ নিৰ্মাণ কৰি থকা এশ বিচনা যুক্ত হাস্পতালখনৰ কাম অতি শীঘ্ৰেই সম্পন্ন কৰা হ’ব ৷ তদুপৰি, ডেন্টেল কলেজ নিৰ্মাণৰ কাম অহা বছৰ আৰম্ভ কৰা হ’ব ৷ ইতিমধ্যে ডেন্টেল কলেজৰ বাবে প্ৰয়োজনীয় মাটি ঠিক কৰা হৈছে ৷”
ইফালে, ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যত কভিড পৰিস্থিতি ভাল নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে হাস্পতালত চিকিৎসা হোৱা কৰোনা ৰোগীৰ সংখ্যা মাত্ৰ ১২ শতাংশ বুলি প্ৰকাশ কৰে। গতিকে এনে পৰিস্থিতিত নতুন এছঅ’পি জাৰি কৰাৰ কথা চিন্তা কৰা নাই ৰাজ্য চৰকাৰে ৷

ইফালে, কাছাৰ জিলাৰ ধলাই সমষ্টিত স্থাপন হ’ব লগা চিৰিয়াখানা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে- চাফাৰি নাম দিয়া হৈছে যদিও এখন চিৰিয়াখানাই হ’ব ৷ পাৰ্থক্য এইটোৱে যে জন্তুসমূহ মুকলিভাবে বিচৰণ কৰিব, দৰ্শনাৰ্থীয়ে চাফাৰি আৰু অন্যান্য বাহনত উঠি জন্তুবোৰ পৰিদৰ্শন কৰিব৷ ২৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব লগা এই চিৰিয়াখানাখনৰ কাম অহা বছৰ আৰম্ভ হ’ব ৷ অনুৰূপ চিৰিয়াখানা এখন ডিব্ৰুগড়তো স্থাপন হ’ব বুলি সদৰী কৰে মূখ্যমন্ত্ৰীয়ে৷
লগতে, কংগ্ৰেছ আৰু এআইইউডিএফৰ কেবাজনো বিধায়কে ইতিমধ্যে বিজেপিতে যোগদান কৰাৰ পিচত পুনৰ একাংশ বিৰোধী বিধায়ক বিজেপিত যোগদানৰ কুচজকাৱাজ চলাই আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অৱশ্যে বৰাকৰ কোনো বিৰোধী বিধায়কৰ বিজেপিত যোগদানৰ সম্ভৱনা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
আনহাতে উল্লেখ্য যে, বৰাকত কয়লা আৰু চুপাৰিৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰে এখন নতুন এছঅ’পি জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰাইজৰ মতামতৰ ভিত্তিত প্ৰস্তুত কৰা হ’ব এই নতুন এছঅ’পি ৷ এছঅ’পি প্ৰস্তুতৰ বাবে বৰাকবাসীৰ মতামত গ্ৰহণ কৰিবলৈ শীঘ্ৰেই বৰাকলৈ আহিব দুই মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু চন্দ্ৰমোহন পাটোৱাৰী ৷
ইফালে, শিলচৰ চহৰত এখন উৰনীয়া সেতু নিৰ্মাণৰ বাবে পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সাংবাদিকে সোঁৱৰাই দিয়াত মূখ্যমন্ত্ৰীয়ে কয় উৰনীয়া সেতু নিৰ্মাণ কৰিবলৈ হ’লে শিলচৰ চহৰত বহুতো বাসগৃহ ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰিব লাগিব ৷ লগতে কাছাৰৰ ডলুত স্থাপন হ’ব লগা প্ৰস্তাৱিত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ বিমান কোঠা নিৰ্মাণ কৰা হ’ব বুলি কয়।













