![]()
নিউজ ডেস্কঃ
ঔষধৰ পাৰ্চেল খোলোতেই প্রচণ্ড বিস্ফোৰণ সংঘটিত হ’ল। তাৰ ফলত আহত হয় ৪ জন। এই ঘটনা ঘটিছে পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ হেমতাবাদ থানাৰ বাহাৰাইলত। আহতসকলক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। বিস্ফোৰণত আহত এজন ব্যক্তিয়ে কয়, ‘‘বাকচটো খোলাৰ পিছতে হঠাৎ বিস্ফোৰণ ঘটে। তাৰ পিছত আৰু একো নাজানো৷’’
শুক্রবাৰে বিয়লি অঞ্চলটোৰ এজন অ’টোচালকে স্থানীয় এখন ঔষধৰ দোকানত এটি পাৰ্চেল নমাই থৈ গুচি যায। উক্ত ঔষধৰ দোকানখনৰ মালিক বাবলু চৌধুৰীয়ে পাৰ্চেলটো খোলাৰ লগে লগেই তীব্ৰ শব্দত কঁপি উঠে এলেকাটো।
প্রত্যক্ষদর্শীয়ে জনোৱা মতে, হঠাৎ হোৱা এই বিস্ফোৰণৰ পিছতেই চাৰিজন ব্যক্তি আহত হোৱা দেখা যায়। বিস্ফোৰণত তেওঁলোকৰ শৰীৰ জ্বলি গৈছে। আৰক্ষীয়ে উক্ত বিস্ফোৰণৰ তদন্তত নামিছে। সন্ধান চলাইছে অটোচালকজনৰো। কি কাৰণত বিস্ফোৰণটো ঘটিল সেয়া কোনোৱেই জানিব পৰা নাই।













