ষ্টাফ ৰিপ’ৰ্টাৰ
তুলনীয়া কন্যাক যৌন নিৰ্যাতনৰ গুৰুত্ব অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ পদ্মশ্ৰী উদ্ধৱ ভঁৰালী। ১৪ দিনৰ বাবে কাৰাগাৰলৈ নিক্ষেপ ভৰালীক। উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন নাকচ হোৱা পাছত আজি লখিমপুৰ আদালতত আত্মসমৰ্পণ কৰে উদ্ধাৱক-বিজ্ঞানীগৰাকীয়ে। আত্মসমৰ্পণ কৰা ভঁৰালীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে। উল্লেখ্য যে, নৰ্থ লখিমপুৰ থানা ১৩৩২/২১ নম্বৰত ৰুজু হোৱা গোচৰত কাৰাগাৰলৈ যাব লগা হয় পদ্মশ্ৰী ভঁৰালী।
আনহাতে, কাৰাগাৰলৈ যোৱা প্ৰাকক্ষণত বিজ্ঞানী ভঁৰালীয়ে কয়- “মই নিকৃষ্ট ষড়যন্ত্ৰ বলি হ’লো। এতিয়া হাৰিলেও এদিন কিন্তু জয়ী হম। আইনৰ ওপৰত বিশ্বাস ৰাখি মই আত্মসমৰ্পণ কৰিছোঁ।”
কাৰাগাৰৰ বন্ধ কোঠৰীত থকাৰ সময়ত ‘যন্ত্ৰ আৰু যন্ত্ৰণা’ নামৰ এখন গ্ৰন্থ লিখিব বুলি ভঁৰালীয়ে কয়। অসমৰ বাবে সদায় কাম কৰি যাব বুলিও আবেগিক হৈ তেওঁ কয় ।
গুৰুত্বপূৰ্ণ শিশু কল্যাণ সমিতি পৰা এগৰাকী নাবালিকা কন্যা তোলি লৈছিল ভঁৰালীয়ে। তাৰ পাছতে নাবালিকাগৰাকীক যৌন নিৰ্যাতন চলোৱা গুৰুত্ব অভিযোগ উত্থাপিত হৈছিল তেওঁৰ বিৰুদ্ধে। ১৭ ডিচেম্বৰত POCSO আইনৰ অধীনত গোচৰ ৰুজু হৈছিল। কিন্তু ২৮ ডিচেম্বৰত অন্তৱৰ্তী জামিন লাভ কৰিছিল।