নিউজ ডেস্কঃ
ভাগ্যৰ খেলা ইয়াকে হয়তো কয়! পুৱা লটাৰীৰ টিকট কিনি বিয়লি কোটিপতি হ’ল এজন ৰংমিস্ত্ৰী। পাঁচশ টকা লৈ বজাৰ কৰিবলৈ গৈছিল কেৰালাৰ কোট্টয়মৰ বাসিন্দা সদানন্দন ওলিপাৰাম্বিল। কিন্তু দোকানীয়ে খুচুৰা বিচৰাত মহা বিড়ম্বনাত পৰে তেওঁ। বজাৰৰ ওচৰতেই আছিল লটাৰীৰ এখন দোকান। খুচুৰা কৰাৰ বাবে কিছু টকাৰে লটাৰী কাটে তেওঁ। তাৰ পিছত বাকী টকা লৈ পুনৰ বজাৰ কৰিব ঘৰলৈ যায় তেওঁ।
কিন্তু বিয়লি হোৱাৰ লগে লগে অঞ্চলটোত হৈ চৈ লাগি পৰে। কিয়নো অঞ্চলটোৰ পৰা লটাৰীৰ প্রথম পুৰস্কাৰ লাভ কৰিছে এজনে। কিন্তু বিজয়ী কোন সেয়া তেতিয়াও কোনোৱে জানিব পৰা নাছিল। সদানন্দনেযৰ কাণত যেতিয়া সেই খবৰ পৰে লগে লগে তেওঁ টিকটটো লৈ লটাৰীৰ দোকানলৈ দৌৰ মাৰে। তাতে গৈয়ে তেওঁ গম পায় যে সেইগৰাকী ভাগ্যৱান তেৱেঁই৷ যিয়ে লটাৰীৰ প্ৰথম পুৰস্কাৰ ১২ কোটি টকা লাভ কৰিছে৷