ষ্টাফ ৰিপ’ৰ্টাৰ
আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা৷ অৱশ্যে কৰোনাবিধিৰ বাবে এইবাৰ কেৱল আনুষ্ঠানিকতাহে পালন কৰা হৈছে জোনবিল মেলাত৷ শুকুৰবাৰে জোনবিল মেলাত উপস্থিত হয় ৰাজ্যৰ জলসম্পদ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা৷ তাত তেওঁ গোভা ৰজা দীপচিং দেওৰজা সহিতে ১৮ গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰীৰ হৈ প্ৰদান কৰে এক লাখ টকাকৈ ৰাজভাট্টাৰ চেক। লগতে উন্মোচন কৰে ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অতিথিশালা আৰু সংগ্ৰহালয়।
উল্লেখ্য, বিগত সময়ছোৱাত তিৱা ৰজাসকলক বছৰি ৬০ হাজাৰ টকাৰ ৰাজভাট্টা প্ৰদান কৰি অহা হৈছিল৷ এই বছৰৰ পৰা এই ভাট্টা ১ লাখলৈ বৃদ্ধি কৰা হৈছে।