![]()
মনোৰঞ্জনঃ
জানুৱাৰী ২১ তাৰিখ হৈছে সুশান্ত সিং ৰাজপুতৰ ৩৬ তম জন্মদিন। প্ৰয়াত অভিনেতাগৰাকীৰ জন্মদিনৰ দিনাই অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তক স্মৰণ কৰি এটা পোষ্ট শ্বেয়াৰ কৰে। পোষ্টটো শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখে যে, “আপোনাক বহুত মিছ কৰিছোঁ।” লগতে, ৰিয়াই তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত সুশান্ত সিং ৰাজপুতৰ সৈতে এখন থ্ৰোবেক ফটো পোষ্ট কৰে।
ৰিয়া চক্ৰৱৰ্তীৰ ভায়েক শোইকেও সুশান্তৰ এখন মৰমলগা ফটো পোষ্ট কৰিছিল। লগতে, সুশান্ত সিং ৰাজপুতৰ জন্ম দিনটোত শ্বেতা সিং কীৰ্তিয়ে তেওঁৰ ভায়েকক আকৰ্ষণীয় ভিডিঅ’ৰ সৈতে মনত পেলোৱা দেখিবলৈ পোৱা যায়।
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ৰিয়া চক্ৰৱৰ্তী চৰ্চাত আছিল। সুশান্তৰ পৰিয়ালে অভিনেত্ৰী গৰাকীক অভিনেতাজনক আত্মহত্যা কৰিবলৈ উদ্গনি দিয়া আৰু প্ৰয়াত অভিনেতাজনৰ পৰা ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। সুশান্তৰ মৃত্যুৰ পিছত ড্ৰাগছ সম্পৰ্কীয় তদন্তত ৰিয়াৰ লগতে ভায়েক শোইকৰো নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ অভিযোগপত্ৰত নাম উল্লেখ কৰা হৈছিল। তেওঁক যোৱা বছৰ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ৰিয়াই মুম্বাইৰ বাইকুল্লা কাৰাগাৰত এমাহ অতিবাহিত কৰিছিল।
সুশান্ত সিং ৰাজপুতক বিগত ২০১৯ চনৰ ১৪ জুনত মুম্বাইৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত পোৱা গৈছিল। প্ৰথমতে, তেওঁৰ মৃত্যুক মুম্বাই আৰক্ষীয়ে আত্মহত্যা বুলি অভিহিত কৰিছিল যদিও পৰৱৰ্তী সময়ত গোচৰটো কেন্দ্ৰীয় তদন্ত ব্যুৰোলৈ স্থানান্তৰ কৰা হৈছিল।













