ডিজিটেল বাৰ্তা, গোলাঘাটঃ অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা গোলাঘাট জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু গোলাঘাটৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা (কৃষি)ৰ কাৰ্য্যালয়ত ১০ জুলাইত উপস্থিত হৈ বিভাগীয় বিভিন্ন কৰ্মৰাজিৰ পৰ্যালোচনা কৰে৷

লগতে বিভিন্ন বিভাগীয় বিষয়াসকলৰ লগত এলানি আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে কৃষিৰ উপযোগী বিভাগীয় বিভিন্ন সঁজুলি সমূহ অতি শীঘ্ৰে কৃষকক উপলব্ধ কৰাবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।













