নিউজ ডেস্কঃ
ৰাজ্যত পুনৰ অনুষ্ঠিত হব পাৰে উপ-নিৰ্বাচন!বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা মন্তব্যত তাৰে প্ৰকাশ।
সংবাদ মাধ্যমক অৱগত কৰা মতে ৰহা সমষ্টি নিলম্বিত কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে শীঘ্ৰে বিজেপিত যোগদান কৰিব বুলি সভাপতি ভৱেশ কলিতাই কয়।।ৰহা বিধায়ক গৰাকী উপৰিও অন্য বহুকেইজন কংগ্ৰেছীৰ বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰা বাবে যোগাযোগ চলাই থকা বুলি লগতে তেওঁ কয়।
আনহাতে,বিজেপি লগত একেলগ হোৱা বাবে বিপিএফ দলে ঠেং দাঙি আছে।শীঘ্ৰে বিজেপি সৈতে লগ হব বি পি এফ।
কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ব্যৱস্থাৰ বাবে বিজেপি দললৈ আহিছে এই বিধায়কসকল।অসমৰ উন্নতি বাবে বিজেপিয়েই একমাত্ৰ দল- কলিতাই কয়।