নিউজ ডেস্কঃ
পুনৰ বিধ্বংসী অগ্নিকাণ্ড মুম্বাইৰ বহুমহলীয়া অট্টালিকাত। শনিবাৰে পুৱাতে টাৰেদেও এলেকাৰ গোৱালিয়া টেঙ্কৰ গান্ধী হস্পিটেলৰ বিপৰীতে এটি বহুমহলীয়া ফ্লেটত সংঘটিত অগ্নিকাণ্ডত দুজনৰ মৃত্যু হৈছে। আহত আন ১৫ জনৰো অধিক। আৰক্ষী সূত্র মতে, অগ্নিদগ্ধসকলৰ ভিতৰত কেইজনমানৰ অৱস্থা গুৰুতৰ।
স্থানীয় সূত্র মতে, কমলা বিল্ডিং নামৰ ২০ মহলীয়া ফ্লেটটোৰ ১৮ মহলাত পুৱা ৭টামানত প্রথম জুই দৃষ্টিত পৰে। মুম্বাইৰ মেয়ৰ কিশোৰী পেড়নেকৰে কয়, ‘‘অগ্নিনিৰ্বাপক বাহিনীয়ে দ্রুততাৰে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্রণলৈ আনে। অৱশ্যে এতিয়াও সম্পূৰ্ণ এলেকা ধোঁৱাৰে ঢাকি আছে।’’ তেওঁ লগতে জনায় যে ধোঁৱাত অসুস্থ হৈ পৰে ছয়জন বয়স্ক ব্যক্তি। তেওঁলোকৰ বাবে অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে।