নিউজ ডেস্কঃ
বিচ্ছেদৰ জল্পনাত একপ্ৰকাৰ ইতি টানিলে প্রিয়ঙ্কা চোপ্ৰাই। সমালোচকৰ মুখ বন্ধ কৰি আনন্দৰ খবৰ শুনালে নিক জোনাছ-প্রিয়ঙ্কা চোপ্ৰাই। শুকুৰবাৰে মাজনিশা নিজৰ ইনষ্টাগ্রামত মাতৃ হোৱাৰ আনন্দৰ খবৰ শ্বেয়াৰ কৰিলে অভিনেত্রীগৰাকীয়ে।
ছাৰোগেছিৰ জৰিয়তে সন্তান আহিল নিক-প্ৰিয়ঙ্কাৰ কোলালৈ। সকলোৰে আশীর্বাদ প্রার্থনা কৰিছে তাৰকা দম্পতিয়ে। লগতে অনুৰোধ জনাইছে, সম্প্ৰতি তেওঁলোকৰ ব্যক্তিগত জীৱনক লৈ অহেতুক কৌতুহল যেন সকলোৱে বন্ধ কৰে।