নিউজ ডেস্কঃ
জীয়ৰীক ধর্ষণকাৰীক আদালতৰ গে’টতে গুলীয়াই হত্যা কৰে প্রাক্তন বিএছএফ জোৱানে। শুক্রবাৰে ঘটনাটি ঘটে উত্তৰ প্রদেশৰ গোৰখপুৰত। মৃতকৰ নাম দিলশাদ হুছেইন (২৫)। তেওঁ বিহাৰৰ মুজফ্ফৰপুৰৰ বাসিন্দা। দুমাহ পূৰ্বে জামিন লাভ কৰিছিল দিলশাদে। অপহৰণ আৰু ধর্ষণৰ গোচৰত পুনৰ শুক্রবাৰে গোৰখপুৰ আদালতলৈ আহিছিল তেওঁ।
আৰক্ষীয়ে জনোৱা মতে, আদালতৰ গে’টৰ সন্মুখত অধিবক্তাৰ অপেক্ষাত আছিল দিলশাদ। তেতিয়া দুপৰীয়া ১বজা। দিলশাদৰ অধিবক্তা অহাৰ আগতেই তাত উপস্থিত হয় প্রাক্তন বিএছএফ জোৱান ভগৱত নিশাদ আৰু তেওঁৰ পুত্ৰ নন্দলাল। অভিযোগ, ইয়াৰ পিছতেই নিজৰ লাইচেন্স থকা বন্দুকৰ পৰা দিলশাদৰ মূৰলৈ লক্ষ্য কৰি গুলী চলায় ভগৱতে। ঘটনাস্থলীতেই লুটি খাই পৰে দিলশাদ। দিলশাদক গুলীওৱাৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ভগৱত আৰু তেওঁৰ পুত্ৰই।
আৰক্ষীয়ে জনোৱা মতে, ভগৱত আৰু তেওঁৰ পুত্ৰক গ্রেপ্তাৰ কৰা হৈছে।