নিউজ ডেস্কঃ
নগাঁৱৰ কচুৱা গৰঙামাটি এলেকাত অলপতে পিংকি বৰুৱা নামৰ এগৰাকী মহিলা চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। পদ্ম মেধি নামৰ এজন ব্যক্তিয়ে পিংকিক প্ৰলোভন দি বিবাহ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ব্যক্তিগৰাকীক শেহতীয়াকৈ কচুৱা আৰক্ষীয়ে আটক কৰে।
জানিব পৰা মতে, পদ্ম মেধি পূৰ্বৰে পৰা ৰীতা মেধি নামৰ আন এগৰাকী মহিলাৰ লগত বিবাহ পাশত আৱদ্ধ আছিল।কালি পিংকীৰ মৃত্যুৰ পিচতে তেওঁৰ পিতৃ-মাতৃয়ে পিংকীৰ মৃতদেহ লগত আনি নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত পদ্ম মেধি আৰু ৰীতা মেধিৰ বিৰুদ্ধে উত্থাপন কৰিে। পিংকীৰ পিতৃ-মাতৃৰ মতে পদ্ম মেধি আৰু তেওঁৰ পত্নীয়ে পিংকীক বিষ দি হত্যা কৰিছে।
ইয়াৰ পৰৱৰ্তী সময়তে, আজি কচুৱা আৰক্ষীয়ে পদ্ম মেধি আৰু তেওঁৰ পত্নী ৰীতা মেধিক গ্ৰেপ্তাৰ কৰে।অভিযুক্ত দুয়োজনকে কঠোৰ শাস্তি দিবলৈ কচুৱাৰ কেইবাটাও সংগঠনে দাবী জনাইছে।