লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইৰ লংকাত ক’ভিড সংক্ৰমণ। লংকাৰ কাকী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ১২ জনকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ। ইয়াৰে ক’ভিড পজিটিভ ধৰা পৰা সকলৰ ভিতৰত ৩ জন ছাত্ৰৰ বিপৰীতে ৯গৰাকী ছাত্ৰী। লক্ষ্যণীয়ভাৱে স্কুলখনৰ অধিক ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড পজিটিভিটিৰ আশংকা কৰা হৈছে। বৰ্তমান স্কুলখনক কন্টেইন্টমেন্ট জ’ন ঘোষণা কৰিছে হোজাই জিলা প্ৰশাসনে।
ইতিমধ্যে হোজাই জিলা প্ৰশাসনে স্কুলখনক এসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰিছে।