নিউজ ডেস্কঃ
কেপিটেল কাণ্ডৰ এমাহমান পূৰ্বে ডোনাল্ড ট্রাম্পে নির্বাচনৰ ফলাফল ওলোটাব বিচাৰিছিল। তেওঁ দেশৰ সেনা বাহিনীৰ শীর্ষ বিষয়াসকলক সকলো ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল।
এই বিস্ফোৰক তথ্য প্রকাশ কৰিছে মার্কিন যুক্তৰাষ্ট্ৰৰ নেচনেল আর্কাইভছে। ‘পলিটিকো’ নামৰ এক সংবাদ মাধ্যমৰ হাতলৈ আহিছে সেই নথি। তাৰ পৰা জনা গৈছে, ক্ষমতা নিজৰ হাতত ৰাখিবলৈ কিমান বেপৰোৱা হৈ পৰিছিল ট্রাম্প। কেপিটেল কাণ্ডৰ তদন্তৰ বাবে হাউছ অব ৰিপ্রেজেন্টেটিভৰ ওচৰত জমা হোৱা ৭৫০ ৰেকর্ডৰ ভিতৰতেই আছে এই তথ্য। ট্রাম্পে আবেদন কৰিছিল যাতে এই ৰেকর্ডসমূহ প্রকাশ কৰা নহয়৷ অৱশ্যে সেই আবেদন খাৰিজ কৰিছিল ছুপ্রিম কোৰ্টে।
তিনি পৃষ্ঠাৰ উক্ত ড্রাফটত পৰিষ্কাৰকৈ লিখা আছে, ‘এই মুহূর্তৰ পৰা সকলো মেচিন, বৈদ্যুতিক উপায়ে সংৰক্ষিত তথ্য, বাজেয়াপ্ত, সংগ্রহ কৰিব প্রতিৰক্ষা সচিবে।’ ট্রাম্পৰ অনুৰাগী মহলে দাবী কৰিছিল যে ভোটিং মেচিন হেক কৰা হৈছে, সেয়ে পৰাস্ত হৈছে তেওঁ। কিন্তু এই দাবী যে সম্পূর্ণ ভিত্তিহীন সেয়া পুনৰ প্রমাণিত হ’ল এই নতুন তথ্যত।