মনোৰঞ্জনঃ
জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাৰ প্ৰথমটো পাঞ্জাৱী গীত “ৰৌকা ৰৌকা” য়ে ইতিমধ্যে বহুল হাৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ১ কোটিতকৈও অধিক শ্ৰোতা দৰ্শকে গীতটি ইউটিউবত উপভোগ কৰাৰ লগতে ধনাত্মক মন্তব্যও প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। জুবলী বৰুৱাৰ কণ্ঠৰে পোন প্ৰথমবাৰৰ বাবে এটি পাঞ্জাৱী গীত শুনিবলৈ পাই উৎসাহিতও হৈ পৰিছে তেওঁৰ অনুৰাগী সকল।
মাকৰ সান্নিধ্যতাত সংগীত জগতত খোজ পেলোৱা কন্ঠশিল্পী জুবলী বৰুৱাঅ তিনিবছৰ বয়সৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰে। সাধাৰণজনক কেইবাটাও জনপ্ৰিয় গীতৰ উপহাৰ দিয়া এই গৰাকী কন্ঠশিল্পীৰ কন্ঠৰ অনুৰাগী প্ৰায় বহু লোক। জুবিন, পাপনৰ সৈতে গীত পৰিৱেশন কৰাৰ উপৰিও তেওঁ নিজেই “মাটি” এলবামটিৰ লগতে কেইবাটাও গীতত সংগীত পৰিচালক হিচাপেও কাম কৰিছে।