![]()
নিউজ ডেস্কঃ
নিজৰ দীর্ঘদিনীয়া সঙ্গীক বিয়া কৰাবলৈ ঠিক কৰিছিল। কিন্তু দেশত ওমিক্রনৰ ব্যাপক সংক্ৰমণৰ বাবে সেই সিদ্ধান্ত বাতিল কৰিলে নিউজিলেণ্ডৰ প্রধানমন্ত্রী জেচিন্ডা আর্ডের্ন।
দেওবাৰে তেওঁৰ এই সিদ্ধান্তৰ কথা জনাই জেচিন্ডাই কয়, ‘‘কোভিড পৰিস্থিতিত যিসকলে অতি বেয়া পৰিস্থিতিৰ সন্মুখখীন হৈছে তেওঁলোকৰ প্রতি সমব্যথী হৈ এই সিদ্ধান্ত লৈছো।’’ নতুন বিধি অনুযায়ী নিউজিলেণ্ডত এনে ধৰণৰ অনুষ্ঠান কৰিব পাৰে মাত্ৰ ১০০ জন আমন্ত্রিতক লৈ। অনুষ্ঠানৰ প্রত্যেকৰেই দুটিকৈ টীকা লোৱাটো বাধ্যতামূলক।
শনিবৰে দেশখনত একেই পৰিয়ালৰ নজনৰ ওমিক্রন ধৰা পৰে। তেওঁলোকৰ প্রত্যেকেই দেশৰ অন্য এখন চহৰৰ এখন বিয়ালৈ গৈছিল। ইয়াৰ পিছতেই চৰকাৰে নিশাৰ পৰাই কঠোৰ কোভিডবিধি প্ৰৱৰ্তন কৰে। ভিৰ নিয়ন্ত্রণ আৰু বজাৰ আৰু গণপৰিবহণত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। তেনে পৰিস্থিতিতে প্রধানমন্ত্রীয়ে নিজৰ বিয়া বাতিলৰ সিদ্ধান্ত লয়।
তেওঁ কয়, “মই দেশৰ আন পাঁচজন মানুহতকৈ পৃথক নহয়। কোভিডৰ কাৰণে মানুহ অসুস্থ হৈছে, তেওঁলোক বাধ্য হৈছে নিজৰ প্রিয়জনৰ ওচৰৰ পৰা দূৰৈত থাকিবলৈ। এই বিষয়টি মোৰ বাবে কম বেদনাদায়ক নহয়।”













