![]()
নিউজ ডেস্কঃ
গুৱাহাটী বেলতলা ছাৰ্ভেৰ চন্দন নগৰৰ লোমহৰ্ষক বৃদ্ধ দম্পতী ননীগোপাল বৰুৱা, মীনা বৰুৱা হত্যাকাণ্ড অভিযোগনামা দাখিল আৰক্ষী।আৰক্ষীয়ে তদন্ত সামৰি চাৰি পৃষ্ঠা অভিযোগনামা দাখিল কৰে আদালতত।উল্লেখ্য চাৰিটা পৃষ্ঠাত আৰক্ষীয়ে এহাল দম্পত্তি হত্যাকাণ্ডৰ তদন্ত সামৰা ঘটনাই একাংশ ব্যক্তিক চিন্তিত কৰিছে।কিয়নো ঘটনাৰ কিমান সঠিক তদন্ত হৈছে সেয়াই বিচাৰৰ পাছতেই পোহৰলৈ আহিব।তাৰ মাজতে এটা কথা উল্লেখ্ কৰিব লাগিব হত্যাকাণ্ডৰ সংঘটিত কৰা অভিযোগত বৰ্তমান কাৰাবন্দী হৈ থকা কেয়াৰটেকা আকাশ চৌধুৰী প্রকৃত হত্যাকাৰী হয় নে নহয় সেই সমগ্ৰ সত্যতা নিৰূপণ হব বিচাৰত।
আনহাতে, আকাশে হত্যাকাণ্ডত কোনো প্ৰকাৰে জড়িত নহয় বুলি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ কৰি আহিছে।আৰক্ষীৰ জিম্মাত অত্যাচাৰ সহিব নোৱাৰি হত্যাকাণ্ডত জড়িত বুলি মিছাতে প্ৰকাশ কৰা বুলিও তেওঁ কয়।এক মাত্ৰ আৰক্ষী অত্যাচাৰ পৰা ৰেহাই পাবলৈ তেনেকৈ কোৱা বুলি লগতে কয়।
ইফালে আদালতত দাখিল কৰা অভিযোগনামাত বৰুৱা দম্পতীক কেয়াৰ টেকাৰ আকাশ চৌধুৰীয়ে হত্যা কৰা কথা বৰ্ণনা কৰিছে।আকাশৰ পত্নী পুতু দাসৰ লগত ননীগোপাল বৰুৱাৰ সম্পৰ্ক থকা বাবেই বৰুৱা দম্পতীক হত্যা কেয়াটেকা আকাশে লোমহৰ্ষক ভাৱে হত্যা কৰা বুলি তদন্তৰ প্ৰতিবেদনত উল্লেখ আছে।
অভিযোগনামাত উল্লেখ অনুসৰি ননীগোপাল বৰুৱাই পুতু দাসক হাজোত এডোখৰ মাটি দিছিল।উক্ত মাটি আকাশ নিজৰ নামত বিচৰাৰ লগতে বৰুৱাক এখন গাড়ী বিচাৰিছিল।কিন্তু নিদিয়া বাবে হত্যা কৰিছিল।হত্যাকাণ্ডটো পূৰ্ব পৰিকল্পিত বুলি অভিযোগ নামাত স্পষ্টকৈ উল্লেখ কৰিছে।
দিছপুৰ আৰক্ষীয়ে ২৭ডিচেম্বৰত হত্যাকাণ্ড অভিযোগনামা দাখিল কৰিছিল।যোৱা বৰ্ষ ২৬অক্টোবৰৰ পুৱা তলাবন্ধ কোঠাৰ ভিতৰত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত বৰুৱা দম্পতীৰ মৃতদেহ উদ্ধাৰ হৈছিল।













