![]()
নিউজ ডেস্কঃ
সংবাদ জগতৰ বাবে এক দুখবৰ। জ্যেষ্ঠ সাংবাদিক মুনীন চৌধুৰীৰ দেহাৱসান।৫৮বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চৌধুৰী।পাঠশালাৰ হৰিপুৰৰ নিজ বাসগৃহত শনিবাৰে সন্ধিয়া ৬.৩০বজাত শেষনিশ্বাস ত্যাগ কৰে সাংবাদিকজনে।
উল্লেখ্য যে অসম সাহিত্য সভা সৈতে জড়িত থকা চৌধুৰীয়ে দীৰ্ঘদিনৰ পৰা মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল।
সাংবাদিকতাৰ ক্ষেত্ৰত জড়িত হৈ চৌধুৰীয়ে গুৱাহাটী পৰা প্ৰকাশিত জনসাধাৰণ আৰু দৈনিক বাতৰি কাকতত সম্পাদনা কক্ষত বহুবছৰ কাম কৰিছিল।ইয়াৰ উপৰিও বহু জনপ্ৰিয় গ্ৰন্থৰ সম্পাদনাৰ লগতো জড়িত প্ৰয়াত চৌধুৰী।













