![]()
নিউজ ডেস্কঃ
সামান্য কমল দেশত দৈনিক কৰোনা আক্রান্তৰ সংখ্যা। অৱশ্যে এতিয়াও দৈনিক সংক্রমণ ৩ লাখৰ ওপৰতেই আছে। বাঢ়িছে দৈনিক সংক্রমণৰ হাৰ আৰু মৃত্যুও।
দেওবাৰে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া কৰোনা তথ্য অনুযায়ী, দেশত বিগত ২৪ ঘণ্টাত কৰোনা আক্রান্তৰ সংখ্যা ৩ লক্ষ ৩৩ হাজাৰ ৫৩৩ জন। দৈনিক সংক্রমণৰ হাৰ ১৭.৭৮ শতাংশ। দেশত মুঠ কৰোনা আক্রান্তৰ সংখ্যা হৈছে ৩ কোটি ৯১ লক্ষ। কৰোনা আক্রান্তৰ সংখ্যাত দেশৰ ভিতৰতে প্রথম স্থানত মহাৰাষ্ট্র। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৪৬ হাজাৰ ৩৯৩ জন কৰোনাত আক্রান্ত হৈছে। মৃত্যু হৈছে ৪৮ জনৰ।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্রান্ত হৈ মৃত্যু হৈছে ৫২৫ জনৰ। ইফালে দেশত বিগত ২৪ ঘণ্টাত ৭১ লাখৰো অধিক কৰোনা টীকাকৰণ হৈছে। এতিয়ালৈকে দেশত মুঠ ১৬১ কোটি ৯২ লক্ষ টীকা দিয়া হৈছে।













