![]()
ডিফুঃ
সমাগত গণৰাজ্য দিৱসটি যাতে সু কলমে উদযাপন কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ডিফু ৰেলষ্টেচনৰ চৰকাৰী ৰেল আৰক্ষী পহৰা চকীত এক সজাগতা সভা অনুষ্ঠিত কৰে ৷ ডিফু চৰকাৰী আৰক্ষী পহৰা চকীৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনৰ পৌৰুহিত্য কৰে ডিফু ৰেলষ্টেচনৰ অধ্যক্ষ অমৃতেষ সিঙে ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰবি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক (সীমান্ত) যদুৰাম মালাকাৰ ৷
আমন্ত্ৰতি অতিথি হিচাপে উপস্থিত থাকে ৱাৰ্ড কমিচনাৰ হাৰাধন ঘোষ, ভিডিফু থানা কমিটিৰ সভাপতি হেমাৰী তিমুঙ, উপসভাপতি আব্দুল মতিন তালুকদাৰ, ডিফু নগৰ আৰক্ষী চকীৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া ধন বৰা উপস্থিত থাকে ৷ বিশিষ্ট বক্তা সকলে নিজৰ ভাষণ প্ৰসংগত গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কোনো ধৰণৰ কুটাঘাত মূলক কাৰ্য যাতে সংঘটিত নহয় ভিডিপি, স্থানীয় ভেণ্ডৰ, ৰেলৱে কৰ্মী, ভিডিপি আৰু স্থানীয় ৰাইজৰ প্ৰত্যক্ষ সহযোগিতা কামনা কৰিছে ৷
সকলো দিশত যাতে তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সকলোকে আহ্বান জনাইছে বক্তা সকলে ৷ ইয়াৰোপৰি ভৱিস্যতলৈও পাৰষ্পৰিক সহযোগিতা কামনা কৰিছে বক্তা সকলে ৷













