![]()
নিউজ ডেস্কঃ
যোৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নআলি ৰোডৰ কাষৰ তিমতিমিয়াত অ’এনজিচিৰ খাৰুৱা তেলৰ পাইপলাইনত এক অগ্নিকাণ্ড সংঘটিত হয়। আৰক্ষী সূত্ৰত এই কথা প্ৰকাশ।
আৰক্ষীয়ে জনোৱা অনুসৰি, পৰিত্যক্ত ইটাভাতাৰ কাষত অ’এনজিচিৰ পাইপলাইনৰ পৰা এমাহৰো অধিক সময় ধৰি তেল নিৰ্গমন হৈ আছিল। শিৱসাগৰৰ বৰহোলাৰ পৰা গেলেকীলৈ যোৱা এই পাইপ লাইনৰ বিভিন্ন স্থানত খাৰুৱা তেলৰ চুৰি অব্যাহত আছে।

সেই পাইপলাইনৰ পৰা খাৰুৱা তেল কঢ়িওৱা বাহনেৰে প্ৰায় এমাহ ধৰি খাৰুৱা তেলৰ চুৰি অব্যাহত আছিল আৰু কেনেবাকৈ খাৰুৱা তেলৰ টেংকাৰৰ পৰা বাহিৰলৈ ওলাই পৰা তেলত জুই লগা বুলি সংশ্লিষ্ট সূত্ৰত প্ৰকাশ।
অগ্নি নিৰ্বাপক বাহিনী, জ্যেষ্ঠ অ’এনজিচি বিষয়া তথা আৰক্ষী বিষয়াসকল ঘটনা স্থলীতস্থানত উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণলৈ অনা হয়।













