![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ৩ লক্ষ ৬ হাজাৰ ৬৪ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৯৫ লাখ ৪৩ হাজাৰ ৩২৮। অৱশ্যে আক্রান্তৰ সংখ্যা কমিলেও বিগত ২৪ ঘণ্টাত বাঢ়িছে দৈনিক সংক্রমণৰ হাৰ। ১৭ শতাংশৰ পৰা বিগত ২৪ ঘণ্টাত হৈছে ২০.৭৫ শতাংশ।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত কৰোনাত মৃত্যু হৈছে ৪৩৯ জনৰ। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, এই পৰ্যন্ত দেশত মুঠ মৃত্যু হৈছে ৪ লক্ষ হাজাৰ ৮৪৮ জনৰ। আনহাতে, দেশত বৰ্তমান মুঠ সক্রিয় ৰোগী আছে ২২ লক্ষ ৪৯ হাজাৰ ৩৩৫ জন।













