![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
শিক্ষা বিভাগৰ এক নতুন নিৰ্দেশনা অনুযায়ী, ৰাজ্যৰ শিক্ষা বিভাগৰ অন্তৰ্গত কোনো চাকৰিয়ালে তিনি বছৰলৈ কৰিব নোৱাৰিব আন বিভাগত চাকৰিৰ আবেদন৷ নিৰ্দেশনাটোত কোৱা হৈছে যে এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষা বিভাগৰ অন্তৰ্গত শিক্ষক-শিক্ষয়িত্ৰী তথা আন কোনো কৰ্মচাৰীয়ে সৰ্বাধিক তিনি বছৰলৈ ৰাজ্য চৰকাৰৰ সমপৰ্যায়ৰ পদবী বা গ্ৰেডৰ চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব।
নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে এই নিৰ্দেশ অমান্য কৰাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা। ২০২১ চনৰ ১৫ ডিচেম্বৰত জাৰি কৰা জাননীত এই নিৰ্দেশনা দিয়া হৈছে।













