![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বাইহাটাত ৰঙিয়াৰ ৩ যুৱকৰ ৰহস্যজনক মৃত্যুত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। জলসিঞ্চন বিভাগৰ আঁচনিৰ কামত ৰঙিয়া তাৰাকুছিৰ এজন মিস্ত্ৰীৰ লগত সহযোগী হিচাবে চাৰি যুৱক ক্ৰমে ৰঙিয়া তাৰাকুছিৰ বাবুল হুছেইন, ৰঙিয়া ভালুকমাৰীৰ মোজাক্কিৰ হুছেইন, ধুহিবালাৰ ৰাতুল আলী আৰু চফিকুল ইছলাম আহিছিল।
জানিব পৰা মতে, নিশা পথাৰৰ মাজৰ কেম্পতে আহাৰ গ্ৰহণ কৰাৰ পাছত চাৰিওজনে শৌচ, বমি কৰাৰ লগতে অত্যাধিক পেটৰ বিষত ভোগে। পিছলৈ তিনিজন অচেতন হৈ পৰাত এজনে ৰঙিয়া তাৰাকুছিৰ গৃহলৈ কোনোমতে ফোন কৰি ঘটনাটো অৱগত কৰে। লগে লগে পৰিয়ালৰ লোক কিছু সময়ৰ পিছত গৈ ঘটনাস্থলীত উপস্থিত হৈ চাৰিওজন শ্ৰমিককে অচেতন অৱস্থাত উদ্ধাৰ কৰে।
তেওঁলোকক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তিনিওজনৰে মৃত্যু হয়। ইফালে আন এজনক সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে আমিনগাঁৱৰ নাৰায়ণা হাস্পতাললৈ নিয়ে। মৃত যুৱক কেইজনে ক্ৰমে তাৰাকুছিৰ বাবুল হুছেইন, ভালুকমাৰীৰ মোজাক্কিৰ হুছেইন আৰু ধুহিবালাৰ ৰাতুল আলীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
আনহাতে চফিকুল ইছলাম নামৰ শ্ৰমিকজন বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ইফালে শ্ৰমিক কেইজনৰ পৰিয়ালে সন্দেহ কৰা মতে নিশাৰ আহাৰত বিষক্ৰিয়া হোৱাৰ ফলত এনে ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীক উচিত তদন্ত কৰাৰ বাবে অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়াল কেইটাই ।













