![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচি মূল পৰীক্ষা ভাষা প্ৰশ্ন কাকতৰ অবিহনে অনুষ্ঠিত হ’ব। সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে বহুকেইটা গোচৰৰ শুনানি গ্ৰহণৰ অন্তত এই ৰায় প্ৰদান কৰে।
উল্লেখ্য যে, চৰকাৰে বাধ্যতামূলক ভাষা ভিত্তিক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাক সিদ্ধান্ত বিৰুদ্ধে একাংশ ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চ ন্যায়ালয়ে শুনানি সম্পূণ নোহোৱা লৈকে পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতেই এপিএছচিৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ সৃষ্টি হৈছিল অনিশ্চয়তা।
গুৰুত্বপূৰ্ণ কথা ন্যায়ালয়ে চূড়ান্ত ফলাফল লেখ আৱেদনৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিব কৰিব বুলি কয়।
উল্লেখ্য যে, বঙাইগাঁও কেবিনেটত এপিএছচি পৰা বাধ্যতামূলক ভাষা প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰা সিদ্ধান্ত লৈছিল চৰকাৰে। সিদ্ধান্ত পাছতেই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ হৈছিল।













