![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল। সোমবাৰে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে ০৬/২০২১ নম্বৰ গোচৰৰ অভিযোগনামা আদালতত দাখিল কৰে। দাখিল কৰা চূড়ান্ত অভিযোগনামাত ৰৌনক আলি হাজৰিকা উপৰিও পত্নী নুছৰত ৰৌনক হাজৰিকা আৰু ফৰিদ আলি নাম উল্লেখ্য আছে। ১৫৬ পৃষ্ঠা জোৰা অভিযোগনামাত তিনিওৰে বিৰুদ্ধে ধাৰা সন্নিবিষ্ট কৰিছে।
অভিযোগনামাত উল্লেখ কৰা অনুসৰি আয়তকৈ ১৮২.১৯ (182.19%) শতাংশ অধিক সম্পত্তি আছে ৰৌনকৰ। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক (সীমান্ত) ৰৌনকৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰৰ তদন্ত ১০৯দিনত সম্পূৰ্ণ কৰিছে। উল্লেখ্য যে ৫ অক্টোবৰত হেঙেৰাবাৰী বাসগৃহৰ পৰা নিলম্বিত ডি আই জি হাজৰিকাক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে।
বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা আলিয়ে চাকৰি কাৰ্যকালত গৃহ বিভাগৰ অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণ কৰিছিল। তাৰ বিৰুদ্ধে অন্য এটা গোচৰ ইতিমধ্যে ৰুজু হৈছে। আনহাতে, ভাৰতীয় আৰক্ষী বিষয়াগৰাকী বিৰুদ্ধে ৰুজু হোৱা দুয়োটা গোচৰ চলাবলৈ ইতিমধ্যে দেশ ৰাষ্ট্ৰপতিয়ে অনুমতি প্ৰদান কৰিছে।













