![]()
লংকা পৰা মনোজ কুমাৰ পাঠক
গণৰাজ্য দিৱসৰ প্ৰাকক্ষনত অসম বাসীৰ বাবে গৌৰব কঢ়িয়াই আনিছে হোজাই জিলাৰ লংকাৰ এগৰাকী কিশোৰীয়ে। এইবাৰ গণৰাজ্য দিৱসৰ দিল্লীৰ পেৰেড পেৰাচেলেংত ভাগ ল’ব অসম কন্যা তথা লংকাৰ জীয়ৰী ৰাগিনী প্ৰিয়া মহন্তয়ে। লগতে গণৰাজ্য দিৱস উপলক্ষ্যে ভাৰতৰ কেইবাখনো ৰাজ্যৰ মাজত অনুষ্ঠিত হোৱা সংস্কৃতিক অনুষ্ঠানৰ ভিতৰত দিল্লীৰ হৈ অসমৰ কৃষ্টি-সংস্কৃতি তথা অসমৰ জাতীয় সাজ পাৰ পৰিধানেৰে দিল্লীক প্ৰতিনিধিত্ব কৰিব অসম জীয়ৰী ৰাগিনী প্ৰিয়া মহন্তয়ে।
ইয়াৰ উপৰিও NCC, দু-সাহসিক ক্ৰীড়া পদৰ্শন কৰিব দিল্লীৰ পেৰেড প্ৰ’গ্ৰমত। বৰ্তমানো দিল্লীৰ পেৰেড পেৰাচেলংৰ অনুশীলত ব্যস্ত অসম কন্যা ৰাগিনী প্ৰিয়া মহন্ত। দিল্লীত অধ্যয়নৰত কিশোৰী ৰাগিনীয়ে নিজৰ অধ্যয়ন কৰাৰ লগতে বহু কষ্ট আৰু সাধনাৰ ফলত গণৰাজ্য দিৱসত এনেদৰে অসমৰ এগৰাকী জীয়ৰীয়ে প্ৰতিনিধিত্ব কৰাৰ সুবিধা লাভ কৰাৰ বাবে উৎফুল্লীত হৈ পৰিছে ৰাগিনীৰ মাতৃ জামিনী গোস্বামী মহন্ত আৰু পিতৃ অশ্বনী মহন্ত।












