![]()
মনোৰঞ্জনঃ
নতুন বছৰৰ জনপ্ৰিয় গীতৰ তালিকাত মুক্তিৰ কিছুদিন পিছতেই অন্তৰ্ভূক্ত হ’ল কণ্ঠশিল্পী সুবাসনা দত্তৰ গীত “দেহিটি বাখৰ”। মুক্তিৰ ২০ টা দিনৰ পৰিসংখ্যা উলিয়াই কণ্ঠশিল্পী গৰাকীয়ে নিজৰ সফলতাৰ বিষয়ে জনাইছে অনুৰাগীক। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “দেহিটি বাখৰ” শীৰ্ষক গীতটিয়ে সঁচাকৈ শ্ৰোতা-ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। গীতটিত কথা আৰু সুৰ ৰমেন দানহৰ লগতে গীতটিত সংগীত কৰিছে পলাশ গগৈয়ে। শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ।
সুবাসনাই জানিবলৈ দিয়া মতে, মুক্তিৰ ২০ টা দিনৰ ভিতৰতে গীতটিক ইউটিউবত ১০ লাখ শ্ৰোতাই শুনিছে লগতে ৬০ হাজাৰো অধিক লোকে গীতটিৰে ইনষ্টাগ্ৰাম ৰীল বনাইছে আৰু ১ লাখৰো অধিক লোকে গীতটিক ডাউনলোড কৰিছে। প্ৰতিটো গীতৰ সৈতে জনপ্ৰিয়তাক সাঙুৰা কণ্ঠশিল্পী সুবাসনা দত্তৰ অনুৰাগীৰ শাৰী দীঘলীয়া।













