![]()
নিউজ ডেস্কঃ
একেৰাহে পাঁচ দিন পিছত দেশৰ দৈনিক সংক্রমণ ৩ লাখৰ তললৈ নামিল। লগতে ২০ শতাংশৰ তললৈ নামিছে সংক্রমণৰ হাৰ।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ মঙ্গলবাৰৰ তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হৈছে ২ লক্ষ ৫৫ হাজাৰ ৮৭৪ জন। সোমবাৰৰ তুলনাত যিটো ১৬.৩৯ শতাংশ কম। সংক্রমণৰ হাৰ বিগত ২৪ ঘণ্টাত ১৫.৫২ শতাংশ।
আমেৰিকাত এই মুহূর্তত ৭ কোটি লোক কোভিডত আক্রান্ত। তাৰ পিছতে থকা ভাৰতত আক্রান্তৰ সংখ্যা প্রায় ৪ কোটি। দেশত বিগত ২৪ ঘণ্টাত ২ লক্ষ ৬৭ হাজাৰ ৭৫৩ জন সুস্থ হোৱা বুলি স্বাস্থ্য মন্ত্রালয়ৰ সূত্ৰত প্ৰকাশ।
দৈনিক সংক্রমণত শীর্ষ স্থানত আ:ছে কর্নাটক। ৰাজ্যখনত বিগত ২৪ ঘণ্টাত আক্রান্ত হৈছে ৪৬ হাজাৰ ৪২৬ জন। তাৰ পিছতেই আছে তামিলনাডু (৩০,২১৫), মহাৰাষ্ট্র (২৮,২৮৬) আৰু কেৰালা (২৬,৫১৪)।













