![]()
নিউজ ডেস্কঃ
ঘন অন্ধকাৰত সাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰক লৈ আগবাঢ়িছিল এখন গাড়ী। হঠাৎ গাড়ীৰ সন্মুখলৈ আহে এটি বনৰীয়া জন্তু। জন্তুটো বচাবলৈ চালকে তীব্ৰ জোৰত ব্রেক মাৰে। ফলত গাড়ীখন লুটি খায় পৰি যায় কাষৰ নর্দমাত।
ঘটনাস্থলীতেই মৃত্যু হয় সাত ছাত্ৰৰ। মৃতকৰ ভিতৰত আছে মহাৰাষ্ট্রৰ এজন বিজেপি বিধায়কৰ পুত্ৰও। এই মর্মান্তিক দুর্ঘটনাটো ঘটে মহাৰাষ্ট্র্রৰ ৱার্ধাৰ ছেলচুৰাত। মৃতকৰ প্রতি শোক প্রকাশ কৰি আর্থিক সাহায্যৰ আশ্বাস দিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।
আৰক্ষী সূত্র মতে, সোমবাৰে নিশা ১১.৩০ বজাত গাড়ীৰে গৈ আছিল সাত মেডিকেল শিক্ষাৰ্থী। প্রাথমিক তদন্তত অনুমান, ৱার্ধাৰ ছেলচুৰা এলেকাত গাড়ীৰ সন্মুখলৈ হঠাতে আহে কোনো বন্য জন্তু।
তাকে দেখি চালকে ব্ৰেক মাৰে যদিও গাড়ীখনৰ গতিবেগ বেছি থকাত গাড়ীখন লুটি খাই বাগৰি পৰে কাষৰ নর্দমাত। ঘটনাস্থলীতেই মৃত্যু হয় তিৰোৰাৰ বিজেপি বিধায়ক বিজয় ৰাহাংডালৰ পুত্ৰ আৱিষ্কাৰসহ সাত মেডিকেলৰ ছাত্ৰ।
ঘটনাটোত শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। মোদীয়ে টুইটত জনায়, মৃতকৰ পৰিয়ালবর্গক এককালীন ২ লাখ টকা আর্থিক সাহায্য আগবঢ়োৱা হ’ব। আহতসকলে পাব ৫০ হাজাৰ টকাকৈ।













