![]()
নিউজ ডেস্কঃ
কন্যাই সকলো সময়তে মোবাইল ফোনত ব্যস্ত হৈ থাকে। মানা কৰিলেও নামানে। সেয়ে ১৫ বছৰীয়া কন্যাক খঙৰ কোবত পিতৃয়ে দিনৰ পিছত দিন চলাই যায় যৌন নির্যাতন! চাঞ্চল্যকৰ এই ঘটনাটি ঘটিছে বিশাখাপট্টনমত। ইতিমধ্যে অভিযুক্ত পিতৃক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষী সূত্ৰ মতে, নিজৰ কন্যাই দিনটোৰ বেছি সময় ফোনতে ব্যস্ত থকাৰ খঙত ৪২ বছৰীয়া পিতৃয়ে তেওঁক একাধিকবাৰ যৌন নির্যাতন চলায়। কিন্তু ভয় আৰু লজ্জাত প্রথমে মুখ খুলিব পৰা নাছিল ছোৱালীজনীয়ে। পিছত এজন শিক্ষকক সকলো খুলি কয়। সেই কথা শুনি স্তম্ভিত হৈ পৰে শিক্ষকজনো। তেওঁ তৎক্ষণাৎ অভিযুক্ত পিতৃক মাতি পঠায়।
শিক্ষকজনৰ দাবী, ব্যক্তিগৰাকীয়ে স্বীকাৰ কৰে যে তেৱেঁই কন্যাক যৌন নির্যাতন চলাইছে। কৃতকর্মৰ বাবে তেওঁৰ ওচৰত ক্ষমাও বিচাৰে।কিন্তু যোৱা শনিবাৰে ছোৱালীজনীক লৈ থানালৈ যায় শিক্ষকজন। পাষণ্ড পিতৃৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ দাখিল হয় থানাত।













