![]()
নিউজ ডেস্কঃ
বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৰ মতে, ভাৰতত সন্তানধাৰণৰ সমস্যা সৃষ্টি হোৱাৰ আঁৰত এটি ডাঙৰ কাৰণ পুৰুষসকলৰ বন্ধ্যাত্ব। ভাৰতত এই হাৰ প্রায় ২৩ শতাংশ। বিশেষজ্ঞসকলৰ মতে, অধিকাংশ ক্ষেত্রতেই পুৰুষসকলৰ বন্ধ্যাত্বৰ কাৰণ নিহিত হৈ থাকে জীৱন যাপনৰ পদ্ধতি আৰু ধূমপান আৰু মদ্যপানৰ অভ্যাস। অৱশ্যে এইবাৰ বিজ্ঞানীসকলে সন্ধান পালে আৰু এটি কাৰণ, যাৰ ফলত দেখা দিব পাৰে এই সমস্যা।
বিশেষজ্ঞসকলৰ দাবী, সন্ধ্যাৰ পিছত আৰু গভীৰ নিশা মোবাইল, লেপটপৰ দৰে সামগ্রী ব্যৱহাৰ কৰিলে ক্ষতি হয় শুক্রাণুৰ। এই ধৰণৰ বৈদ্যুতিক যন্ত্রৰ পর্দাৰ পৰা নির্গত হ্ৰস্ব তৰঙ্গ দৈর্ঘ্যৰ বিকিৰণেই ইয়াৰ বাবে মূলত দায়ী বুলি তেওঁলোকৰ মত। ইয়াৰ প্রভাব ইমানেই নেতিবাচক যে ইয়াৰ ফলত শুক্রাণুৰ গতিবেগ, ঘনত্ব আৰু গঠন ক্ষতিগ্রস্ত হয়। এই বৈদ্যুতিক সামগ্রীবোৰৰ পৰা নির্গত হ্ৰস্ব তৰঙ্গ দৈর্ঘ্যৰ জ্যোতি যিমানে বেছি সময় চকুলৈ যায়, সিমানেই বেছি ক্ষতিগ্রস্ত হয় শুক্রাণু।
বিশেষজ্ঞসকলৰ মতে, পর্যাপ্ত টোপনিৰ অভাৱো এই সমস্যাৰ অন্য এটি কাৰণ। পোহৰ বৰ্ণালীৰ নীলা ৰঙৰ দিশৰ ৰশ্মিবোৰে মেলাটোনিন ক্ষৰণ হ্রাস কৰে। যিয়ে টোপনিত ব্যাঘাত ঘটায়। ফল স্বৰূপে নেতিবাচক প্রভাব পৰে সন্তানধাৰণৰ ক্ষমতাৰ ওপৰত। এই ধৰণৰ বিকিৰণৰ ফলত যি ক্ষতি হয়, সেয়া বহু সময়ত জিনগত পৰিবর্তন যি কার্যত একমুখী। অর্থাৎ এবাৰ ক্ষতিগ্রস্ত হ’লে আৰু সুস্থ হৈ উঠাৰ সম্ভাৱনা নাথাকে।













