![]()
নিউজ ডেস্কঃ
দেশৰ শীর্ষ আদালতে ৰাজনৈতিক প্রতিশ্রুতিৰ বিষয়ত কেন্দ্র আৰু নির্বাচন আয়োগলৈ জাননী প্ৰেৰণ কৰিছে।
নির্বাচনৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলে জনগণৰ উদ্দেশ্যে বিনামূল্যে বিভিন্ন পৰিসেৱা বা প্রকল্প ঘোষণা কৰে। উক্ত ঘোষণা সংক্রান্ততে নির্দেশনা জাৰি কৰি জাননী পঠাইছে ছুপ্রিম কোৰ্টে। দেশৰ শীর্ষ আদালতৰ মতে এইটো এটা অত্যন্ত গুৰুতৰ বিষয়। নিৰ্বাচনত ইয়াৰ প্রভাৱ পৰে। মুক্ত আৰু স্বচ্ছ নির্বাচনত বাধা হৈ থিয় দিয়ে। ছুপ্রিম কোর্টৰ মতে ‘ফ্রিবি বাজেট’ প্রতিদিনৰ বাজেটতকৈ বহু বেছি হৈ গৈছে। সেয়ে এই বিষয় সন্দৰ্ভত নির্বাচন আয়োগ আৰু কেন্দ্রীয় চৰকাৰক প্রশ্ন কৰিছে ছুপ্রিম কোৰ্টে। সর্বোচ্চ আদালতৰ উক্ত প্রশ্নৰ উত্তৰ দিব লাগিব ৪ সপ্তাহৰ ভিতৰত। দেশৰ প্রধান ন্যায়াধীশ এন ভি ৰামানাই এই সন্দৰ্ভত কয়, ‘সীমিত পৰিসৰৰ ভিতৰত আমি নির্বাচন আয়োগক নির্দেশনা প্ৰস্তুত কৰাৰ নির্দেশ দিছিলোঁ। কিন্তু পৰৱর্তী সময়ত তেওঁলোকে আমাৰ নির্দেশৰ পিছত মাত্র এখনহে বৈঠক কৰিছিল। তেওঁলোকে ৰাজনৈতিক দলবোৰৰ মতামত বিচাৰিছিল আৰু তাৰ পিছত কি হৈছিল সেয়া আমি নাজানোঁ।’
উল্লেখ্য, অধিবক্তা তথা বিজেপি নেতা অশ্বিনী উপাধ্যায়ে ৰুজু কৰা এক গোচৰৰ শুনানিত প্রধান ন্যায়াধীশ এন ভি ৰামানা, ন্যায়াধীশ এ এছ বোপান্না আৰু হিমা কোহলিৰ বিচাৰপীঠে জনাইছে, সকলো ৰাজনৈতিক দলেই জনসাধাৰণৰ ধনৰ অপব্যৱহাৰ কৰিছে।
উল্লেখ্য যে মঙলবাৰে ঘোষণা কৰা হয় প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি পদক লাভ কৰা আৰক্ষীসকলৰ নাম।
গুৰুত্বপূৰ্ণ কথা এইবাৰ দেশৰ মুঠ ৪৯গৰাকী আৰক্ষী ৰাষ্ট্ৰপতি পদক বাবে নিৰ্বাচিত হৈছে।











