![]()
অজন্তা তালুকদাৰ
বোকাখাত : সমগ্র দেশ আৰু ৰাজ্যৰ লগতে বোকাখাত নিৰ্বাচনী জিলাতো আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয়। ১৯৫০ চনত ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতি বছৰে ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে বোকাখাত নিৰ্বাচনী জিলাৰ কাৰ্যালয়ৰ লগতে মহকুমাৰ বিভিন্ন মহাবিদ্যালয়ত নতুন ভোটাৰৰ নামভৰ্তিক উৎসাহিত কৰা আৰু ভোটাৰ হিচাপে নিজৰ বিবেক ভোটদান দিয়াৰ শপত গ্ৰহণ কৰা হয়।

দিৱসটোৰ সৈতে সামঞ্জস্য ৰাখি বোকাখাত নিৰ্বাচনী জিলা কাৰ্যালয়ত নতুন ভোটাৰৰ মাজত নতুন ভোটাৰ কাৰ্ডৰ কিট্ ও বিতৰণ কৰা হয়।













