![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : চিআৰপিএফৰ চিভিক একছন কাৰ্যসূচীৰ অংশ স্বৰূপে আজি অসম-নাগালেণ্ড সীমান্তৰ বিবাদমান এলেকা বি চেক্টৰৰ ১নং চেতীয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত টেবুল-চকী বিতৰণ কৰে লগতে বিবাদ মান অঞ্চলতোত কেইবাটাও চ’লাৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ লগতে যাতায়তাৰ সুবিধাৰ্থে অঞ্চলতোত এটি জিৰণি গৃহও মুকলি কৰে । বিদ্যালয়খনৰ মেৰামতি কৰি দিয়াৰ লগতে এলেকাটোৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি কৰাৰ বাবে মত পোষণ কৰে ১৫৫ নং চিআৰপিএফ বেটেলিয়নৰ উচ্চ পদস্থ বিষয়াই ৷
উক্ত অনুষ্ঠানটিৰ লগত সংগতি প্ৰশাসন আৰু জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ১৫৫ নং চিআৰপিএফ বাহিনীৰ কেম্পত এখনি মুকলি সভাও অনুষ্ঠিত হয়। সভাত যোৰহাট জিলা ১৫৫ নং চিআৰপিএফ বাহিনীৰ মহাপ্ৰবন্ধক সৰ্ৱজিৎ সিং, নাগালেণ্ডৰ প্ৰশাসনিক বিষয়া, সীমান্তৱৰ্তী অঞ্চলটোৰ কেইবাখনো গাঁৱৰ গাওঁবুঢ়া উপস্থিতি থাকে । চিআৰপিএফৰ এনে কাৰ্যসূচীক স্থানীয় ৰাইজে উচ্চ প্ৰশংসা কৰিছে ৷












