![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কটকটীয়া নিৰাপত্তা মাজত সমগ্ৰ দেশৰ সমান্তৰালভাৱে অসমতো বুধবাৰে উদযাপন হ’ব ৭৩সংখ্যক গণৰাজ্য দিৱস। খানাপাৰাত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে গণৰাজ্য দিৱস। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। এক হাজাৰ ব্যক্তিৰ উপস্থিত থাকিব পাৰিব খানাপাৰা কেন্দ্ৰীয় কাৰ্যসূচীত। কোভিড এছঅ’পি মতে সম্পূৰ্ণ ভেকচিন গ্ৰহণ কৰা ব্যক্তিহে খানাপাৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব পাৰিব।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুৱা পতাকা উত্তোলন কৰিব। উল্লেখ যে, ৯টা প্লাটোনে পেৰেডত অংশলোৱা কথা। আনহাতে ক’ৰনা পৰিস্থিতিৰ বাবে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ নাথাকিব পেৰেডত। ঠিক একেদৰে গণৰাজ্য দিৱসৰ বঁটা প্ৰদান অনুষ্ঠানো নাথাকিব।
খানাপাৰা ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীস্থলীত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। বৃহৎ সংখ্যক আৰক্ষী-অৰ্ধ সামৰিক বাহিনীয়ে দিনে-নিশাই নিৰীক্ষণ কৰি আছে আয়োজনস্থলী।













