![]()
নিউজ ডেস্কঃ
প্ৰবাসী অসমীয়া ৰীতা কাকতি শ্বাহক প্ৰদান কৰা হৈছে মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ President Lifetime Achievement Award অৰ্থাৎ ‘ৰাষ্ট্ৰপতিৰ জীৱনজোৰা সাধনা বঁটা’। বিশ্বৰ বিভিন্ন প্ৰান্তত আগবঢ়োৱা সমাজসেৱা আৰু স্বেচ্ছামূলক কামৰ বাবে নিউয়ৰ্ক নিবাসী ৰীতাক এই বঁটা প্ৰদান কৰা হৈছে৷ উল্লেখ্য, ৰীতা হৈছে উনা নামৰ এটা সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া । সংস্থাটোৱে নাৰী সবলীকৰণ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ আত্মবিশ্বাস বৃদ্ধিৰ ক্ষেত্ৰত কাম কৰে।
ৰীতাই অসমৰ বহুকেইখন বিদ্যালয়ত কাউন্সেলিঙৰ লগতে জেষ্ঠ নাগৰিকসকলক বিভিন্ন সেৱা প্ৰদান কৰি আহিছে। গুৱাহাটী বিশ্ববিদ্যালয় আৰু নগাঁও কন্যা মহাবিদ্যালয়ৰ নাৰী সবলীকৰণ সম্পৰ্কীয় পাঠ্যক্ৰমো প্ৰস্তুত কৰিছে ৰীতা কাকতি শ্বাহে।













