![]()
নিউজ ডেস্কঃ
সম্প্ৰতি বিদেশৰ পৰা অনুদান গ্রহণ কৰিব নোৱাৰিব ৬ হাজাৰ এনজিঅ’ বা স্বেচ্ছাসেৱী সংগঠনে।
কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ বিদেশী অনুদান গ্রহণৰ অনুজ্ঞা-পত্ৰ পুনর্নবীকৰণ কৰা নাই। তাৰ বিৰুদ্ধে ছুপ্রিম কোর্টত আবেদন জনোৱা হৈছিল। সম্প্ৰতি কেন্দ্রৰ উক্ত নির্দেশৰ বিৰুদ্ধে অন্তৱর্তী স্থগিতাদেশ বিচৰা হৈছিল। সেই আর্জি আজি খাৰিজ কৰে ছুপ্রিম কোৰ্টে।
গোচৰটো তৰিছিল আমেৰিকাৰ এটি স্বেচ্ছাসেৱী সংগঠন গ্লোবেল পিচ ইনিচিয়েটিভে। তেওঁলোকে জনাইছিল, লাইচেন্সৰ ম্যাদ বৃদ্ধি কৰা নহ’লে এনজিঅ’বোৰে কাম কৰিব নোৱাৰিব। কোভিড ত্রাণৰ কাম বন্ধ হৈ আছে। কোভিড পৰিবেশত লাখ লাখ মানুহক সহায় কৰিছে এই স্বেচ্ছাসেৱী সংগঠনবোৰে। তেওঁলোকে বিদেশী অনুদান নাপালে সাহায্যৰ পৰা বঞ্চিত হ’ব এই দেশৰ নাগৰিকসকলেই।













