![]()
নিউজ ডেস্কঃ
যিফালেই চকু যায়, সেইফালেই কেৱল বৰফ আৰু বৰফ। তাপমাত্রা তাত মাইনাছ ২০ ডিগ্ৰী চেলচিয়াছ। সেই প্রবল ঠাণ্ডাত ১১ হাজাৰ ফুট উচ্চতাত স্কি কৰিছে ইণ্ডো-টিবেটান বর্ডাৰ পুলিচে (আইটিবিপি)! উত্তৰাখণ্ডৰ অউলিত বৰফৰ চাদৰৰ ওপৰত আইটিবিপি ‘হিমবীৰ’ৰ গণতন্ত্র দিৱস উদযাপনৰ ভিডিও ভাইৰেল সামাজিক মাধ্যমত।
আইটিবিপিৰ একাধিক ভাইৰেল ভিডিওৰ ভিতৰত এটিত দেখা গৈছে শুভ্ৰ বৰফেৰে ঢকা অউলিত ক’লা পোছাকত স্কি কৰিছে জোৱানসকলে। হাতত আছে জাতীয় পতাকা।
আন এটি ভিডিওত দেখা গৈছে, আইটিবিপি জোৱানসকলে কুচকাৱাজ কৰিছে বৰফ আবৃত লাডাখত। ৭৩তম গণতন্ত্র দিৱসৰ পুৱা এই দুই ভিডিও ভাইৰেল হৈছে টুইটাৰত।













