![]()
নিউজ ডেস্কঃ
দেশৰ ৭৩সংখ্যক গণতন্ত্র দিৱসৰ পুৱা দেশবাসীক শুভেচ্ছা জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। বুধবাৰে পুৱা প্রধানমন্ত্রীয়ে নিজৰ টুইটাৰৰ পৰা দেশবাসীক শুভকামনা জনাই টুইট কৰে।
আনহাতে, ৭৩সংখ্যক গণতন্ত্র দিৱসৰ প্রাক্সন্ধ্যা জাতিৰ উদ্দেশ্যে ভাষণ দিয়ে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে। বুধবাৰে পুৱা দেশবাসীক গণতন্ত্র দিৱসৰ শুভেচ্ছা জনায় প্রতিৰক্ষা মন্ত্রীয়েও। ৰাজনাথ সিঙে টুইটত দেশবাসীক গণতন্ত্র ও সংবিধান ৰক্ষাৰ আহ্বান জনায়।
একেদৰে ৭৩সংখ্যক গণতন্ত্র দিৱস উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও শুভেচ্ছা জনাইছে।













