![]()
ডিফুঃ
কাৰ্বিআংলং -নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত অব্যাহত আছে অপৰাধীৰ কাৰ্যকলাপ ৷ বুধবাৰে নিশা কাৰবি আংলং জিলাৰ বোকাজান মহকুমা অন্তৰ্গত খটখটীত পিষ্টল সহ এজন যুৱক আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে সন্ধিয়া এক গোপন খবৰৰ ভিত্তিত খটখটী থানাৰ অ”চি ৰাজু দুৱৰাৰ নেতৃত্বত কাৰেগাওঁ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সহকাৰী উপপৰিদৰ্শক অৰুণ কুমাৰ নাথ আৰু সংগীয় ষ্টাফ সহ খটখটী থানা অন্তৰ্গত ইউনাইটেড আদিবাসী গাঁৱত এক অভিযান চলাই এজন যুৱকক এটা পিষ্টল সহ আটক কৰিবলৈ সক্ষম হয় ৷ যুৱকজনক তালাচী চলাই এটা ‘২২ পিষ্টল দুই জাঁই সজীৱ গুলী আৰু এটা মবাইল ফোন জব্দ কৰে অভিযানকাৰী দলটোৱে ৷ ধৃত যুৱকজন উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ অজানা গাঁৱৰ ছাবিলা প্ৰসাদৰ পুত্ৰ মণ্টু প্ৰসাদ (৩০) বুলি চিনাক্ত কৰা হৈছে ৷ধৃত যুৱকজনৰ বৰ্তমান ঠিকনা কাৰবি আংলং জিলাৰ খটখটী থানা এলেকাৰ লাংবালি গাঁৱত বুলি জানিব পৰা গৈছে ৷













