![]()
নিউজ ডেস্কঃ
নগৰবেৰাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং টুপামাৰীত ৫ লাখ টকাৰ যৌতুক নিদিয়াৰ বাবে ইছমাইল হুচেইন নামে এজন লোকে পত্নীৰ দেহত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে পত্নীৰ পিতৃ শ্বহিদ আলীয়ে।
বৰ্তমান দুই সন্তানৰ অগ্নিদগ্ধা মাতৃ গৰাকী জিএমচিএইচত জীৱন মৃত্যুৰে যুঁজি আছে। ১০-১২ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা মহিলা গৰাকীক যৌতুক বিচাৰি ইতমিধ্যে বহু টকা আদায় কৰিছে স্বামীয়ে।
আনকি শহুৰেকক ঘৰলৈ মাতি নি ডিঙিত চোকা অস্ত্ৰ ধৰি ধন দিয়াৰ প্ৰতিশ্ৰুতিৰে উকা দলিলত জোঁৱায়েক ইছমাইলে আদায় লৈছিল স্বাক্ষৰো। নগৰবেৰা আৰক্ষী থানাত পিতৃয়ে ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে ,অভিযুক্ত জোঁৱায়েকৰ শাস্তিৰ দাবী জনাইছে ভুক্তভোগী পিতৃ শ্বহিদ আলী আৰু পৰিয়ালবৰ্গই।













