![]()
নিউজ ডেস্কঃ
অৰুণাচল প্রদেশৰ নিখোঁজ কিশোৰক মুক্তি দিব চীনে। অৱশ্যে এতিয়াও মুক্তিৰ তাৰিখ জনোৱা হোৱা নাই। কিন্তু শীঘ্ৰেই সেয়া জনাব বুলি আশ্বস্ত কৰিছে বেইজিং মহলে। কেন্দ্রীয় আইনমন্ত্রী কিৰেন ৰিজিজুই এই কথা প্ৰকাশ কৰিছে। তেওঁ লগতে কয়, প্রাকৃতিক বিপর্যয়ৰ বাবেই মুক্তিৰ বিষয়ত পলম হৈছে।
ৰিজিজুই কয়, ‘গণতন্ত্র দিৱসত হটলাইনত ৰঙা বাহিনীৰ সৈতে কথা পাতিছে ভাৰতীয় সেনাই। ৰঙা সেনাই এই বিষয়ত সদর্থক ইঙ্গিত দি জনাইছে, তেওঁলোক আমাৰ দেশৰ নাগৰিকজনক মুক্তি দিবলৈ ৰাজী। কোন স্থানত মুকলি কৰি দিব লাগিব, সেই স্থানো আমাক নিৰ্ধাৰণ কৰিবলৈ কৈছে। তেওঁলোকে সময় আৰু তাৰিখ শীঘ্ৰেই জনাব। তেওঁলোকৰ ফালে বতৰ বেয়া হোৱাৰ কাৰণেই পলম হৈছে।’













