![]()
নিউজ ডেস্কঃ
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কোভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘন্টাত দেশত ২ লক্ষ ৮৬ হাজাৰ ৩৪৮ জন কৰোনাত আক্রান্ত হৈছে। কৰোনাৰ দৈনিক সংক্রমণৰ সংখ্যা বিগত ২৪ ঘণ্টাক ০.১ শতাংশ বৃদ্ধি পালেও এতিয়াও উদ্বেগ বাঢ়ি আছে দৈনিক সংক্রমণৰ হাৰত। বুধবাৰে কৰোনাৰ দৈনিক সংক্রমণৰ হাৰ ১৬.১৬ শতাংশৰ বিপৰীতে বৃহস্পতিবাৰে হৈছে ১৯.৫৯ শতাংশ।
আনহাতে, বিগত ২৪ ঘণ্টাত কৰোনাত দেশত মৃত্যু হৈছে ৫৭৩ জনৰ।
কৰোনা আক্ৰান্তৰ শীৰ্ষত থকা আমেৰিকাৰ পিছতে ভাৰত৷ এই পর্যন্ত দেশত মুঠ ৪ কোটি ৩ লক্ষ ৭১ হাজাৰ ৫০০ জন কৰোনা আক্রান্ত হৈছে। এই মুহূর্তত সক্রিয় আক্রান্তৰ সংখ্যা মুঠ আক্রান্তৰ ৫.৪৬ শতাংশ।
আনহাতে, দেশত মুঠ ১৬৩ কোটি ৮৪ লক্ষ ৩৯ হাজাৰ ২০৭ জনক ইতিমধ্যে কৰোনা টীকা দিয়া হৈছে। বিগত ২৪ ঘণ্টাত টীকাকৰণ হৈছে ২২ লক্ষ ৩৫ হাজাৰ ২৬৭ জনৰ।
ইফালে দেশত কোভিডত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৪ লক্ষ ৯১ হাজাৰ ৭০০ জন। দেশর ভিতৰত শীৰ্ষত থকা মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত ৩৫ হাজাৰ ৭৫৬ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে, মৃত্যু হৈছে ৭৯ জনৰ।













