![]()
নিউজ ডেস্কঃ
চর্তসাপেক্ষে মুকলি বজাৰত বিক্ৰী হ’ব কোভেক্সিন আৰু কোভিশিল্ড। সংবাদ সংস্থা এএনআই সূত্র মতে, ‘ড্রাগ কন্ট্রোলাৰ জেনেৰেল অব ইণ্ডিয়া (ডিচিজিআই)’-ই এই সংক্রান্তত অনুমতি-পত্র দিছে।’ চৰকাৰী সূত্রৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে আগতেই জনাইছিল, মুকলি বজাৰত টীকাৰ মূল্য হ’ব পাৰে সর্বোচ্চ ২৭৫ টকা। ইয়াৰ সৈতে যুক্ত হ’ব পাৰে ছার্ভিচ চার্জৰ বাবদ আৰু ডেৰশ টকা।
বর্তমানে কোভেক্সিনৰ প্রতি টীকাৰ দাম ১২০০ টকা। কোভিশিল্ডৰ ৭৮০ টকা। ইয়াৰ লগত ছার্ভিচ চার্জৰ বাবদ ১৫০ টকা অন্তর্ভুক্ত আছে। কিন্তু মুকলি বজাৰত টীকাৰ দাম ২৭৫ টকাৰ ভিতৰত ৰখাৰ প্রাথমিক সিদ্ধান্ত হোৱা বুলি খবৰ।












